সমাগত বিধানসভা নিৰ্বাচন। শাসক-বিৰোধী উভয় দলতে দল বাগৰা ৰাজনীতি অব্যাহত আছে । নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতাসকলৰ দল বাগৰা ৰাজনীতি কোনো নতুন কথা নহয়। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ভূপেন বৰাৰ বিজেপিত যোগদানৰ পিছতেই এইবাৰ আন তিনিগৰাকী কংগ্ৰেছ নেতাই হাত এৰি গেৰুৱা বসন পিন্ধিলে ।তিনিগৰাকী বিধায়ক ক্ৰমে কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।
তিনি কংগ্ৰেছ বিধায়কৰ বিজেপিত যোগদান সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এ এন আইৰ আগত কয়, “আজি বিভিন্ন দলৰ বিশেষকৈ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বিজেপিত যোগদান কৰিছে । তেওঁলোকে আমাৰ মতাদৰ্শৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।” আনহাতে, কংগ্ৰেছৰ সদ্য প্ৰকাশিত প্ৰথমখন প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ যি ৪২ জনীয়া প্ৰাৰ্থী তালিকা তাত ‘নতুনত্ব’ৰ অভাৱ ।