Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বিয়াও শেষ হৈছিল, মৰমৰ বায়েকক সুকলমে এৰি আহিছিল দৰা ঘৰত। বায়েকক বিদায় দি য়ে চিৰ দিনৰ বাবে সকলোকে এৰি গলগৈ ঈশান। ডিব্ৰুগড়ৰ টেঙাখাত তামূলীখাতৰ সেই ঘৰখনত চলিছিল বিয়াৰ আনন্দ-উলাহ, ঘৰখনৰ কন্যাৰ বিয়া। সকলো সুকলমে পাৰ হৈ গৈছিল। ডিব্ৰুগড়ৰৰ লাহোৱালৰ বকুলত দৰাঘৰত বায়েকক এৰি অহাৰ পথতে পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা l

কইনা হিচাপে বায়েকক দৰাঘৰত এৰি আহি পুৱতি নিশা ৪ বন্ধুৰ সৈতে এখন বাহনেৰে ডিব্ৰুগড়ৰ টেঙাখাত তামূলীখাতলৈ উভতি গৈ আছিল ঈশান গগৈ। তেনে সময়তে সংঘটিত হৈছিল অনাকাংক্ষিত ঘটনাটো। চেঁচা নদীৰ সমিপৰ নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ বুকুত সোমাই পৰিছিল ঈশানহতৰ বাহনখন। বাহনখনত থকা ঈশান ৪ বন্ধু আখিৰাজ, ত্ৰিদীপ, লাটু আৰু বিপ্লৱৰ কথমপি প্ৰাণ ৰক্ষা পৰে আৰু তাৰ পিছতে বিয়াৰ আনন্দত হাঁহি মাতি থকা পৰিয়ালটোত কান্দোনৰ ৰুল। ঘন কুঁৱলীৰ বাবে ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

Wordpress Social Share Plugin powered by Ultimatelysocial