মুকলি হ’ল বাবু আঁচনি। এই আঁচনিৰ জৰিয়তে ছাত্ৰ সকলে লাভ কৰিব বিশেষ সুবিধা। এই আঁচনিৰ সুবিধা লাভ কৰিব স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ পৰিয়ালৰ অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। লগতে পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ অধিক হ’ব নোৱাৰিব। ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে আৱেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ’ব লাগিব।

স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ’লে এই আঁচনিৰ সুবিধা লাভ নকৰিব। ‘বাণীকান্ত কাকতি মেধা বঁটা’ৰ অধীনত স্কুটাৰ লাভ কৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ নকৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ সুবিধা। স্নাতকোত্তৰ পৰ্যায়ত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই আঁচনিৰ সুবিধা।
আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰক উচ্চশিক্ষা প্ৰদান কৰা বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰিছে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’। এই আঁচনিৰ অন্য এক লক্ষ্য হ’ল ছাত্ৰসকলৰ মাজত উচ্চ শিক্ষাৰ হাৰ বৃদ্ধি কৰা। ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ জৰিয়তে ছাত্ৰসকলৰ মাজত বৃদ্ধি পোৱা ড্ৰ’প আউটৰ হাৰ হ্ৰাস কৰাৰো লক্ষ্য।