আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰথম মৃত্যু বাৰ্ষিকী।ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে কৰ্মৰত আছিল মনমোহন সিং লগতে তেখেত এগৰাকী বিখ্যাত অৰ্থনীতিবিদ আছিল।২০০৪ চনৰ পৰা ২০১৪ চনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মনমোহন সিঙে।

অসমৰ সৈতে ড° মনমোহন সিঙৰ আছিল এক গভীৰ সম্পৰ্ক। অসমৰ পৰা ১৯৯১ চনৰ পৰা ২০১৯ চনলৈকে ৰাজ্যসভাৰ সাংসদ আছিল ড° মনমোহন সিং।অসমক প্ৰতিনিধিত্ব কৰিয়েই তেওঁ প্ৰধানমন্ত্ৰী হৈছিল।ড° মনমোহন সিং আছিল এগৰাকী বিশিষ্ট ৰাজনীতিক তথা অসম হিতৈষিক।
তেওঁক সৰল, সৎ আৰু জ্ঞানী নেতা হিচাপে স্মৰণ কৰা হয়। ২০২৪ চনৰ ২৬ ডিচেম্বৰত তেওঁৰ দেহাৱসান ঘটে। ভাৰতৰ অৰ্থনীতিৰ স্থপতি হিচাপে তেওঁৰ অৱদান চিৰকাল স্মৰণীয় হৈ ৰ’ব।
আজি তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকীত সমগ্ৰ দেশবাসীয়ে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।