Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ছাত্ৰ-ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক পদৰ পৰা সদ্য নিলম্বিত কন্দৰ্প কুমাৰ শৰ্মাই সংঘটিত কৰিলে ম’ৰেল পুলিচিংৰ দৰে কাণ্ড। শ্ৰীমান চক্ৰৱৰ্তী একাডেমি নামৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীক উপৰ্যপৰি প্ৰহাৰ কৰে কন্দৰ্প কুমাৰ শৰ্মাই। কন্দৰ্প কুমাৰ শৰ্মাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় শ্ৰীকান্ত কলিতা নামৰ আদ-বয়সীয়া ব্যক্তি গৰাকী। যোৱা শনিবাৰে বিদ্যালয়ৰ চৌহদত সংঘটিত হৈছিল এই ঘটনা। কোনো কাৰণ নোহোৱাকে মানসিক বিকাৰগ্ৰস্ত লোকৰ দৰে এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি লাঠিৰে প্ৰহাৰ কৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্ৰীকান্ত কলিতাক কন্দৰ্প কুমাৰ শৰ্মাই।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে জাঙুৰ উঠিছে অঞ্চলটোৰ ৰাইজ তথা দল সংগঠন। শিক্ষিত সমাজক লজ্জিত কৰা মৰেল পুলিচিংৰ এই ঘটনাৰ উচিত তদন্ত বিচাৰি শাস্তি বিচাৰিছে আছুকে ধৰি দল সংগঠনে। উল্লেখ্য যে কন্দৰ্প কুমাৰ শৰ্মা কামৰূপৰ বামুন্দীৰ শ্ৰীমান চক্ৰৱৰ্তী একাডেমিৰ পৰিচলনা সমিতিৰ দায়িত্বত আছে।

Wordpress Social Share Plugin powered by Ultimatelysocial