এইবাৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীৰ X একাউণ্ট ভাৰতত ব্লক কৰিলে চৰকাৰে। পূৰ্বে পাকিস্তানীৰ ইউটিউব, ইন্সটাগ্ৰামৰ একাউন্ট নিষিদ্ধ কৰিছিল চৰকাৰে।
প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভূট্টো জৰ্দাৰীৰ X একাউণ্টত প্ৰতিবন্ধকতা ভাৰতৰ। সকলো ক্ষেত্ৰতে ভাৰতে বয়কট কৰিছে পাকিস্তানক। পাকিস্তানক ইটোৰ পিছত সিটোকৈ শাস্তি দিছে ভাৰত চৰকাৰে। পাকিস্তানৰ সৈতে সকলো সামগ্ৰীৰ আমদানি-ৰপ্তানি বন্ধ কৰিলে ভাৰতে। ভাৰতৰ জলৰেখাতো প্ৰৱেশ নিষেধ পাকিস্তানী জাহাজৰ। পেহেলগামৰ ঘটনাৰ পিছতে পাকিস্তানক প্ৰত্যুত্তৰ দিছে ভাৰতে। পূৰ্বে ভাৰতৰ আকাশমাৰ্গত পাকিস্তানৰ বিমানসেৱা বাতিল কৰা হৈছিল।
পেহেলগামৰ ঘটনাৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে থিয় দিছে ভাৰত। বৰ্তমান আৰ্থিকভাৱে ব্যাপক লোকচানৰ সন্মুখীন হৈছে পাকিস্তান।