Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি।উচ্ছেদৰ দাবীত আমৰণ অনশ কৰা প্ৰতিবাদীক উঠাই নিলে আৰক্ষীয়ে।প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবীত ৰাইজৰ প্ৰতিবাদ।প্ৰতিবাদী ৰাইজে অগ্নিসংযোগ কৰিলে তুলিৰাম ৰংহাঙমৰ বাসগৃহ।ভস্মীভূত হৈ পৰিল তুলিৰাম ৰংহাঙৰ বাসগৃহ। ইয়াৰ লগতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে CEM তুলিৰামৰ নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ।

বৰ্তমানো শান্ত হোৱা নাই পশ্চিম কাৰ্বি আংলং।প্ৰশাসনে জাৰি কৰিছে ১৬৩ ধাৰা।এই ধাৰা অনুসৰি ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব।অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ৰেলী, সভা- সমিতি, প্ৰদৰ্শনী, সমদল । ২২ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বাহাল থাকিব এই নিৰ্দেশনা সামাজিক মাধ্যমত কোনো ধৰণৰ ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব।নিয়ম উলংঘা কৰিলেই পৰিব বিপদত।

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগু সোমবাৰে (২২ ডিচেম্বৰ) নিশা পৰিস্থিতি পুনৰীক্ষণৰ বাবে খেৰণিত উপস্থিত হয়। ডিজিপি হৰমিত সিঙেও ততাতৈয়াকৈ কাৰ্বি আংলংলৈ গৈ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি প্ৰচলিত পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

তেওঁলোকে কয় যে ‘চুবুৰীয়া জিলাৰ পৰা অতিৰিক্ত বাহিনী অঞ্চলটোলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে।’

Wordpress Social Share Plugin powered by Ultimatelysocial