আজি মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ত জালুকবাৰী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰার্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰীয়ে।মাতৃৰ আশিস গ্ৰহণ কৰি মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্রীৰ লগতে কেইবাগৰাকীয়ে হেভীৱেট প্ৰাৰ্থীয়ে দাখিল কৰিল মনোনয়ন পত্ৰ।
খানাপাৰাৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰে জালুকবাৰী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ পৰা মনোনয়ন পত্ৰৰ বাবে যাত্ৰা আৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মনোনয়ন যাত্ৰাক সংগ দিছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই। বৰষুণকো নেওচি মুখ্যমন্ত্ৰীৰ মনোনয়ন যাত্ৰাত সংগ দিয়ে জালুকবাৰীৰ সমষ্টিৰ হাজাৰ-হাজাৰ সমৰ্থকে।