অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ সৌজন্যত পানীতোলা স্পৰ্টছ একাডেমিৰ উদ্যোগত আয়োজিত নৱম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ বেংমৰা কাপ ২০২৫ ফুটবল প্ৰতিযোগিতা খনি উৎসাহ-উদ্দীপনাৰে সমাপ্ত হয়। তিনিচুকীয়া জিলাৰ পানীতোলা স্পৰ্টচ ক্লাবৰ খেলপথাৰত ২১ ডিচেম্বৰ ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি ০৪ জানুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হয়। চূড়ান্ত প্ৰতিযোগিতাখনিত মাজুলী কাৰচাং দলে চাবুৱাৰ বেটমেলা যুৱ সংঘক ১-০ গলত পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰে। বিজয়ী দল মাজুলি কাৰচাংক নগদ ৫০,০০১/- টকা সহ ট্ৰফী, বিজীত দল বেদমেলা যুৱ সংঘক নগদ ৩০,০০১/- টকা সহ ট্ৰফী ,মাজুলি কাৰচাং দলৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰা অজয় দৈমাৰীক নগদ ৫০০১/- টকা সহ ট্ৰফী, শ্ৰেষ্ঠ গ’লৰক্ষক ৰাহুল দুৱাৰাক নগদ ১৫০১/- টকাৰ সহ ট্ৰফি, আৰু সৰ্বাধিক গ’ল দাতা অজয় দৈমাৰীক নগদ ২০০১/- টকা সহ ট্ৰফিৰে পুৰস্কৃত কৰা হয়।

চূড়ান্ত প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাই। খেলখনৰ লগত সংগতি ৰাখি “কিৰণ” নামৰ এখনি স্মৰণিকা প্ৰকাশ কৰা হয়। স্মৰণিকাখনিৰ শুভ উন্মোচন কৰে তিনিচুকীয়াৰ বিশিষ্ট সমাজসেৱক শৰৎ দাসে। অনুষ্ঠানত উপস্থিত থাকে মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া , অধ্যক্ষসহ সৰোজ গোহাঁই,উপাধক্ষ্য দেৱঋষি চেতিয়া,সদৌ মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি উদয় শংকৰ মহন,সাধাৰণ সম্পাদ উজ্জ্বল বৰুৱা ,অসম অলিম্পিক সন্থাৰ সহ সম্পাদক দাদুমণি বৰা,তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই,অসম চৰকাৰৰ পশুধন উন্নয়ন নিগমৰ সঞ্চালক জ্যোতিমণি মৰাণ,মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা,কাৰ্যকৰী সভাপতি বৈকুণ্ঠ গোহাঁইকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তি। প্ৰায় ১০ হাজাৰ ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিয়ে চূড়ান্ত খেলখন অধিক আকৰ্ষণীয় কৰি তোলে।