Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ইংৰাজী নৱবৰ্ষৰ 2026 ৰ দ্বিতীয়টো দিনতে অর্থাৎ আজি ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা বেদখল উচ্ছেদ আৰম্ভ কৰে বন বিভাগ তথা হোজাই জিলা প্রশাসনে। ইতিমধ্যে বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই ৫ হেজাৰ ৮০০ বিঘা ভূমি অবৈধ দখলত থকাৰ তথ্য উদ্ধাৰ কৰি ১২শৰো অধিক বেদখলকাৰীলৈ জাননী জাৰি কৰিছিল কিন্তু তাৰে ১৫০ ঘৰ লোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্তা হোৱাত সাময়িকভাৱে আজিৰ উচ্ছেদৰ পৰা বাহিৰত ৰখা হৈছে। তদুপৰি যোৱা দুদিন ধৰি মাইকযোগে দুই জানুৱাৰীত উচ্ছেদ অভিযান চলিব বুলি ঘোষণা কৰিছিল । এই বেদখলকাৰীসকলে বনাঞ্চলখনৰ ভূমি অবৈধভাবে দখল কৰি তাত ঘৰ সাজি গাঁও পাতি বাস কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত হোজাই জিলা প্ৰশাসন আৰু বনবিভাগে এই ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে, বন বিভাগৰ উচ্ছেদৰ জাননীত উল্লেখ কৰা অনুসৰি, বনাঞ্চলৰ ভূমি বেদখল কৰাটো অসম বন আইন ১৮৯১ (১৯৯২ত সংশোধিত)ৰ ২৪ আৰু ২৫ ধাৰা অনুসৰি দণ্ডনীয় অপৰাধ। তদুপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিজাববীয়া গোচৰত দিয়া ৰায়দানতো সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা বেদখল উচ্ছেদ কৰিবলৈ স্পষ্ট নির্দেশ দিয়া আছে। ন্যায়ালয়ৰ নির্দেশ অনুসৰি বেদখলকাৰীসকলক প্ৰথমে ১৫ দিনৰ পাছত অতিৰিক্ত ১৫ দিনৰ সময় দি বনাঞ্চল খালী কৰোৱাব লাগে। সেই অনুসৰি হোজাই জিলা প্ৰশাসনে ইতিমধ্যেই বেদখলকাৰীসকলক সময় প্ৰদান কৰিছিল ।

আনহাতে, উচ্ছেদৰ জাননী পোৱাৰ পাছতে একাংশ বেদখলকাৰীয়ে বিনাবাক্যে নিজৰ ঘৰ- দুৱাৰ ভাঙি আঁতৰি গৈছিল । অৱশেষত আজি প্রশাসন আৰু বন বিভাগে পুৱাৰে পৰা উচ্ছেদ অভিযান চলায় আছে। এই অভিযানত কেবাশতাধিক আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান মুতায়ন কৰা হৈছে বেদখলকৃত এলেকাত। ৫৩ খন বুলড’জাৰ ব্যৱহাৰ কৰা হৈছে বৃহৎ উচ্ছেদ অভিযানত , লগতে কেবা শ শ্ৰমিক নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে হোজাই জিলা প্ৰশাসনৰ ৰাজহ বিভাগৰ অতিৰিক্ত আয়ুক্ত বনি ইনাম চাদদাবে জানিবলৈ দিয়ে যে আজি আৰু কাইলৈ এই উচ্ছেদ অব্যাহত থাকিব> বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদব উপস্থিত হৈছে ডবকাত । লগতে হোজাইৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী আৰু আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে পৰ্যবেক্ষন কৰি আছে উচ্ছেদস্থলি।

Wordpress Social Share Plugin powered by Ultimatelysocial