নিৰ্বাচনলৈ মাজত প্ৰায় তিনি মাহ বাকী থকা অৱস্থাত শাসকীয় বিজেপিয়ে ৰাজ্যখনত এক ব্যাপক ৰাজনৈতিক পদক্ষেপৰ বাবে সাজু হৈছে। দুদিনীয়া কাৰ্যসূচীৰে ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উন্মোচন কৰিব গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। ইয়াৰ পিছতে উদ্বোধন কৰিব প্ৰায় ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল। টাৰ্মিনেল উদ্বোধন কৰাৰ পিছতেই গুৱাহাটীত এখন বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। নিশা গুৱাহাটীত কটোৱাৰ পিছতেই মোদীৰ দ্বিতীয়দিনাৰ কাৰ্যসূচী অৰ্থাৎ দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত ‘পৰীক্ষা পে চৰ্চা’ত অংশ ল’ব মোদীয়ে। শ্বহীদ স্মাৰক ক্ষেত্ৰত প্রথমবাৰৰ বাবে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ বিদায়ৰ পিছতেই ২৯ ডিচেম্বৰত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। উদ্বোধন কৰিব জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। মুকলি কৰিব চিচিটিভি নীৰিক্ষণ প্ৰকল্প। নৱনিৰ্মিত ভাগৱত গৃহকে ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভও কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।
