Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

জুবিনগাৰ্গ অবিহনে ১২ দিন। কাইলৈ জুবিন গাৰ্গৰ শ্ৰাদ্ধ। কাইলৈ জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কাৰ্য অনুষ্ঠিত হব যোৰহাটত। আজি জুবিনৰ চিতাভস্ম সহ যোৰহাটলৈ ৰাওনা গৰিমা গাৰ্গ। ইতিমধ্যে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা কফিনটো লৈ যোৱা হৈছে যোৰহাটলৈ। জুবিনৰ শ্ৰাদ্ধৰ সকলো খৰচ বহন কৰিব চৰকাৰে। আনফালে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে আজি ছিংগাপুৰলৈ ৰাওনা হব অসম আৰক্ষী। অসম আৰক্ষীয়ে ছিংগাপুৰলৈ গৈ চলাব অনুসন্ধান। আজি দুগৰাকী উচ্চপদস্থ বিষয়া যাব ছিংগাপুৰলৈ।
CIDৰ SSP সুধাকৰ সিং আৰু CDSP তৰুণ গোৱেল যাব ছিংগাপুৰলৈ। ছিংগাপুৰত বাহৰ পাতি থকা শ্যামকানু মহন্তকো গ্ৰেপ্তাৰ কৰি অনাৰ সম্ভাৱনা। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকো দুদিনৰ সময় বান্ধি দিলে প্ৰশাসনে। সিদ্ধৰ্থ শৰ্মাৰ গতিবিধি ট্ৰেক কৰিছে প্ৰশাসনে।

Wordpress Social Share Plugin powered by Ultimatelysocial