Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

নিজ গৃহৰ পৰাই সন্ধানহীন উদিয়মান যুৱ কন্ঠশিল্পী মিন্টু হাজৰিকা। মংগলবাৰে সন্ধিয়া প্ৰায় ৭ঃ৩০ বজাত নাজিৰা আমোলাপট্টি ৬ নং ৱাৰ্ডৰ নিজা বাসগৃহৰ পৰা ওলাই গৈ ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে যুৱ কন্ঠশিল্পী জন। শেহতীয়াকৈ ঘৰৰপৰা কিছুনিলগত দিখৌ নদীৰ সমীপত এযোৰ চেণ্ডেল উদ্ধাৰ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।উদ্ধাৰ হোৱা ছেণ্ডেল যোৰ উক্ত যুৱক জনৰে হব পাৰে বুলি আশংকা। ইয়াৰ সন্দেহত SDRF বাহিনীৰ ডুবাৰু আহি অনুসন্ধান আৰম্ভ কৰে। নিশা হোৱাৰ বাবে এই অনুসন্ধান আজিৰ বাবে সাময়িক ভাৱে স্থগিত ৰাখে পুনৰ কালিলৈ পুৱাৰ পৰা SDRF বাহিনীৰ দলে এই অভিযান আৰম্ভ কৰিব।

Wordpress Social Share Plugin powered by Ultimatelysocial