আজি ১ মে’ আন্তঃজাৰ্তিক শ্ৰমিক দিৱস। মে মাহৰ প্ৰথম দিনটোতেই শ্ৰমিক দিৱসৰ পালন কৰা হয় বহু দেশত।
শ্ৰমিক দিৱসৰ আজিৰ দিনটোতেই ধুবুৰীত এগৰাকী সমাজ সেৱকে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ। ধুবুৰী চহৰৰ বাট পথত চেণ্ডেল নোহোৱাকৈ শ্ৰম কৰি থকা শ্ৰমিক সকলক নিজ হাতেৰে এযোৰ চেণ্ডেল দিলে দিপাংকৰ মজুমদাৰ নামৰ লোকজনে। চেণ্ডেলযোৰ লোৱাৰ পিছতেই শ্ৰমিকৰ মুখত বিৰিঙিল হাঁহি।
উল্লেখ্য যে সমাজ সেৱক দিপাংকৰ মজুমদাৰৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে সচেতন মহলে। বিভিন্ন সময়ত ব্যতিক্ৰমী কাম কাজ সমাজৰ বাবে কৰি চৰ্চা লাভ কৰি আহিছে যুৱকজনে। শ্ৰমিক দিৱসৰ দিনা খালি ভৰিৰে শ্ৰম কৰা শ্ৰমিক সকলক এযোৰ চেণ্ডেল দিয়া কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়।