Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ধুবুৰীত চৰকাৰী চিকিৎসকে দালালৰ সৈতে মিলি লুন্ঠন চলোৱাৰ অভিযোগ এআইইউডিফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। ধুবুৰী মেডিকেল কলেজকে ধৰি ধুবুৰীৰ একাংশ হস্পিতালৰ একাংশ চিকিৎসকে টেষ্টৰ নামত সংগ্ৰহ কৰে কমিছন।
অলাগতিয়াল টেষ্টৰ জৰিয়তে সাধাৰণ দুখীয়া ৰাইজৰ টকা সমূহ লুণ্ঠন কৰাৰ অভিযোগ ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ।

কেৱল এইয়া নহয় কতৰ্ব্যৰত সময়ত চৰকাৰক ফাকি দি ব্যক্তিগত লেবৰেটৰী আৰু চেম্বাৰত বহি চলাই গৈছে এই কাৰ্য।চিকিৎসকে কমিছন লাভ কৰা লেবৰেটৰী সমূহৰ দোকানত গৈ টেষ্ট কৰিবলৈ হেঁচা দিয়া হয়। আৰু সেই একাংশ লেব্ৰটাৰীৰ দালালে লৈ গৈ দুগুণ মূল্য লৈ টেষ্ট সমূহ ৰোগীক কৰাই চিকিৎসকক দিয়া হয় কমিছন।

পিছে এই বিষয়ে খবৰ ৰাখিছেনে ধুবুৰীৰ মেডিকেল কলেজ কৰ্তৃপক্ষই অথবা ধুবুৰীৰ যুটীয়া স্বাস্থ্য আৰু সঞ্চালক কাৰ্যালয়ে ! নে কেৱল কাগজে কলমে নিৰ্দেশনা দিয়েই দায়িত্ব সামৰে বিভাগে ? ব্যৱস্থা গ্ৰহণ কৰা হ’বনে সেই সকল চিকিৎসকৰ বিৰুদ্ধে ?
এইসমূহ কাৰ্য বন্ধৰ দাবী জনাই বদৰুদ্দিন আমজমলে।

Wordpress Social Share Plugin powered by Ultimatelysocial