সকলো হেঙাৰ নেওচি সফলতাৰ শিখৰত আগবাঢ়ি গৈছে এজন বাইহাটা চাৰিআলিৰ এজন যুৱক। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী বৰগাঁৱৰ দৃষ্টিহীন যুৱক লক্ষ্যধৰ শৰ্মাই হস্তৰেখাৰ জ্যোতিষ শাস্ত্ৰত লাভ কৰিলে পি এইচ ডি ডিগ্ৰী। আঠ বছৰ অধ্যায়ণ কৰাৰ পিছত লক্ষ্যধৰে লাভ কৰিলে এই ডিগ্ৰী । লক্ষ্যধৰ শৰ্মাই গুৱাহাটীৰ বিশ্ব জ্যোতিষ বিদ্যাপীঠত অধ্যায়ণ কৰিছিল । দৃষ্টিহীন হোৱাৰ পিচতো হস্তৰেখা জ্যোতিষ শাস্ত্ৰত অসমৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰা প্ৰথমজন লক্ষ্যধৰ শৰ্মা । বৰ্তমান অসম চৰকাৰৰ কৰ্মচাৰী লক্ষ্যধৰ শৰ্মাই বিশেষ ভাবে সক্ষম সকলক আগুৱাই নিয়াৰ বাবে সজাগতা সৃষ্টি কৰাৰ আহ্বান জনাই । লক্ষ্যধৰ শৰ্মাৰ সফলতাত শলাগ লৈছে বাইহাটাৰ ৰাইজে।