Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ঐতিহাসিক শিৱসাগৰত ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ।স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আয়োজিত গ্ৰন্থ উৎসৱত ভীৰ লাগিছে গ্রন্থ পিপাসুৰ। বৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰ হৈ পৰিছে জুবিনময়। কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ হাততো জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ।
বিভিন্ন গ্ৰন্থৰ লগতে বিশেষভাৱে গ্ৰন্থ প্ৰেমীৰ মাজত চাহিদা বৃদ্ধি পাইছে অসমৰ হৃদস্পন্দন জুবিন গাৰ্গৰ গান আৰু জীৱন ভিত্তিক কিতাপৰ। জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰৰ দ্বাৰা লিখিত “পিতৃৰ দৃষ্টিত জুবিন”, মন্টু শইকীয়াৰ “জুবিন গাৰ্গ –জীৱনৰ পৰা গানলৈ”, মাণিক পালৰ “জুবিন গাৰ্গ –তুৰাৰ পৰা ছিংগাপুৰলৈ মায়াবিনী যাত্ৰা”, জুবিনৰ গান, মঞ্জু মজুমদাৰ বৰ্মনৰ “প্ৰাণৰ শিল্পী জুবিন” আদিকে ধৰি বহু গ্ৰন্থ বিভিন্ন বয়সৰ পঢ়ুৱৈৰ প্ৰথম পচন্দ হৈ পৰিছে।

বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে গ্ৰন্থ বিপনী সমূহৰ পৰা শিল্পী জনৰ গানৰ তথা জীৱনী গ্ৰন্থ ক্ৰয় কৰিছে। গ্ৰন্থ উৎসৱৰ তৃতীয় দিনা জুবিন গাৰ্গ মঞ্চত অনুষ্ঠিত হয় জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতা। জুবিন ফেন ক্লাব, শিৱসাগৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial