Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা গৃহহীন এটি দৰিদ্ৰ আদিবাসী পৰিয়ালৰ পিতৃহীন মাতৃ-পুত্ৰক নতুনকৈ গৃহ নিৰ্মাণ কৰি দিলে সচেতন যুৱ ব্যৱসায়ী তথা যুৱ সমাজকৰ্মী বিশ্বজিত বসাকে।

১ নম্বৰ কাউলী মটঙাপাৰ নিৱাসী লক্ষ্মী মাৰ্ডী আৰু পুত্ৰ লক্ষণ মাৰ্ডীয়ে এটা বছৰৰ আগতে পিতৃৰ বিয়োগ হোৱাত কৰ্মৰ সন্ধানত বহি:ৰাজ্য কেৰালালৈ গৈছিল। কেইদিন মান আগতে মাতৃ আৰু পুত্ৰই নিজ ঘৰলৈ আহি ভাগি পৰা গৃহটো দেখি অসহায় হৈ পৰিছিল।

দুদিনমান আগতে যুৱ সমাজকৰ্মী বিশ্বজিত বসাকে পৰিয়ালটোৰ অসহায় অৱস্থাৰ বিষয়ে জানিব পাৰি কেইগৰাকীমান সহযোগীৰ সৈতে এইদৰে হাতে হাত ধৰি বাঁহ-বেত- তৰ্জা, টিনপাতেৰে দুৰ্ভগীয়া পৰিয়ালটোক তৎকালিন ভাৱে নিৰ্মাণ কৰি দিলে এটি গৃহ। গৃহ নিৰ্মাণ কৰি দিয়াৰ উপৰিও পৰিয়ালটোক বিচনা পত্ৰ,বাচন বৰ্তন, কাপোৰ কানিৰ যোগান ধৰাৰ লগতে বিদ়্যুৎ সংযোগৰ লগতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷

সমাজৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে আবন্টিত সকলো ধৰণৰ আঁচনিৰ
চাওতাল সম্প্ৰদায়ৰ উক্ত দৰিদ্ৰ পৰিয়ালটোক ৰ’দ-বতাহ,বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰে নিজৰ গাঠিৰ ধন ভাঙি এটি গৃহ সাজি দিয়াত স্থানীয় ৰাইজে যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী বিশ্বজিত বসাকক ভূয়সী প্ৰসংসা কৰিছে।

Wordpress Social Share Plugin powered by Ultimatelysocial