তথাকথিত ইউটিউবাৰ ৰাব্বানি স্বয়মক বিচাৰি আৰক্ষীৰ অভিযান। সোমাবাৰে দিছপুৰ থানাত হাজিৰৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা পলাতক ৰাব্বানি স্বয়ম।
সোমাবাৰে থানাত হাজিৰ নোহোৱাত নিশা ৰাব্বানিক বিচাৰি অভিযান চলাইছিল দিছপুৰ আৰক্ষীয়ে। ৰাব্বানিৰ ভাড়াঘৰত আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে ৰাব্বানি স্বয়মে। দেওবাৰে আমৰ বাবে ছয়মাইলত ২ ব্যৱসায়ীক চুৰিকাঘাট কৰিছিল ৰাব্বানি স্বয়মে। চুৰিকাঘাট কৰা ঘটনাৰ ভিডিঅ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। তাৰ পিছতে চুৰিকাঘাটত আহত হোৱা ২ ব্যৱসায়ীয়ে ৰুজু কৰিছিল গোচৰ। থানাত গোচৰ ৰুজুৰ পিছতে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল ৰাব্বানি স্বয়মক। এতিয়াও পলাতক অৱস্থাত আছে ৰাব্বানি স্বয়ম।