শণিবাৰৰ দিনটো অসমবাসীৰ বাবে এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হৈছে। এই দিনটোতে বহুপ্ৰতিক্ষিত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কাৰ্যসূচী সম্পন্ন হয়। জাগীৰোডত আৰম্ভ হ’বলগীয়া টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেইবাহাজাৰ কৰ্মসংস্থাপন সৃষ্টি কৰিব। সামাজিক মাধ্যমত নিজৰ মতামত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পই বিশ্বৰ মানচিত্ৰত অসমক ইলেকট্ৰনিক হাব হিচাপে প্ৰতিষ্ঠিত কৰাৰ বাট মুকলি কৰিলে।
জাগীৰোডত স্থাপন হ’বলগীয়া অসমৰ প্ৰথমটো অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমিপূজন শণিবাৰে সম্পন্ন হয়। এই শুভ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ লগতে টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণ উপস্থিত থাকে। ভূমি পূজন কাৰ্যসূচীত উপস্থিত টাটা ছনছৰ অধ্যক্ষ চন্দ্ৰশেখৰণে কয় যে ছেমিকণ্ডাক্টৰ খণ্ডটোৰ গুৰুত্ব দিনে দিনে বাঢ়ি আহিছে, আৰু এনে এটা উদ্যোগ অসমত স্থাপন হোৱা কথাটো উৎসাহজনক।
ৰাজ্যত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ২৭ হাজাৰৰো অধিক কৰ্মসংস্থাপন সৃষ্টি কৰিবলগীয়া এই অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰটোৰ প্ৰকল্প ব্যয় হৈছে ২৭,০০০ কোটি টকা। দৈনিক ৪৮ মিলিয়ন চিপচ উৎপাদন কৰিবলগীয়া এই প্ৰকল্পটোৱে বিশ্ব মানচিত্ৰত অসমৰ স্থান ইলেকট্ৰ’নিক হাব হিচাপে প্ৰতিষ্ঠা কৰিব বুলি সকলো আশাবাদী।
এই প্ৰকল্প কাম মাত্ৰ ১৮ মাহতেই সম্পন্ন হ’ব বুলি আশা কৰা হৈছে। এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পাছত গুৱাহাটীৰ নিকটৱৰ্তী জাগীৰোডৰ সামগ্ৰিক ছবিখন প্ৰযুক্তিগত দিশত অধিক আগবাঢ়ি যাব বুলি স্থানীয় লোকে আশা কৰিছে।