Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বটদ্ৰবাৰ লালুংগাৱৰ পৰা উচ্ছেদ কৰা ১৬টা কৈ পৰিয়ালক প্ৰশাসনে বহুৱাইছিল কলাৰডুবাৰ চৰকাৰী ভূমিত। প্ৰতিটো পৰিয়ালৰ নামত আৱণ্টন দিছিল দুই কঠাকৈ ভূমি। কিন্তু স্থানীয় মাতব্বৰে উচ্ছেদিতৰ নামত আৱণ্টিত অধিকাংশ চৰকাৰী ভূমি বেদখল কৰি বনাইছিল বিশাল বিশাল ফিচাৰী। ভূমি আবণ্টন পোৱা উচ্ছেদিত সকলৰ ভূমি বেদখল কৰি মাতব্বৰ সকলে বিভিন্ন সময়ত প্ৰদান কৰিছিল ভাবুকি। মাতব্বৰৰ ভাবুকিত ভয় শংকাত ভুগি ১০ টাকৈ পৰিয়াল ইয়াৰ পৰা আতৰি যাবলৈ বাধ্য হৈছিল। ঘটনা সংক্ৰান্তত ভূমি আৱণ্টন পোৱা উচ্ছেদিত সকলে প্ৰশাসনক অৱগত কৰোৱাত প্ৰাশাসনে আৰক্ষী আৰু চি আৰ পি এফৰ বিশাল বাহিনীলৈ চৰকাৰী ভূমি বেদখল কৰি খন্দা ফিচাৰীৰ পাৰ কটি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে।

Wordpress Social Share Plugin powered by Ultimatelysocial