কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? কেতিয়া দোষীয়ে লাভ কৰিব উচিত শাস্তি। প্ৰানৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িক ভাৱে নোহোৱা হোৱাৰ ৫ টা মাহ সম্পূৰ্ণ হ’ল। কিন্তু বৰ্তমানেও লাভ কৰা নাই জুবিন গাৰ্গে ন্যায়। সমগ্ৰ অসমবাসী ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত। নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত জুবিন গাৰ্গে ন্যায় পাবনে সেইয়া অসমবাসীৰ মনত উদয় হোৱা ডাঙৰ প্ৰশ্ন?
“ন্যায় আদালতে দিয়ে। আদালতে নিৰ্বাচন নেখেলে। যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকীল দিয়ক। ন্যায় আৰু নিৰ্বাচন বেলেগ বস্তু। নিৰ্বাচন আমি খেলিম কিন্তু ন্যায় দিয়া মালিক আমি নহয়। ন্যায় দিয়াৰ মালিক হ’ল ন্যায়াধীশ। আৰু ন্যায়াধীশে নিৰ্বাচন নেখেলে ।”
জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দৰে কৰিলে বিশেষ মন্তব্য ।সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে ? নে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈয়েই থাকি যাবI
