Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

চৰকাৰে প্ৰায় ২০ লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ যো-জা চলোৱাৰ মাজতে চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। এইবাৰ ৰেচন কাৰ্ডক লৈ চৰকাৰলৈ ৰঙা চকু সৰ্বোচ্চ ন্যায়ালয়ৰ। দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক সকলক প্ৰদান কৰা এখন প্ৰয়োজনীয় নথি ৰেচন কাৰ্ড। যিখন কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক সকলে সুলভ মূল্যৰ খাদ্য সামগ্ৰী লাভ কৰাৰ লগতে চৰকাৰৰ অন্য়ান্য সা-সুবিধা লাভ কৰে। কিন্তু ৰেচন কাৰ্ড বিতৰণক লৈ চৰকাৰক এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ সকীয়নি বিনামূলীয়া ৰেচন কাৰ্ড বিতৰণৰ সলনি দেশৰ নাগৰিকক কৰ্মসংস্থাপন দি স্ৱাৱলম্বী কৰক। বিনামূলীয়া ৰেচন কাৰ্ডে এলেহুৱা কৰিব বৰঞ্চ কৰ্মসংস্থাপনে স্বাৱলম্বী কৰাত সহায় কৰিব দৰিদ্ৰ লোক সকলক।

Wordpress Social Share Plugin powered by Ultimatelysocial