চামগুৰিৰ বাঘবৰালী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষয়েত্ৰীগৰাকীৰ উত্পাটত এতিয়া অতিষ্ঠ হৈ পৰিছে বিদ্যালয়খনৰ অন্যান্য শিক্ষক-শিক্ষয়েত্ৰী। শিক্ষক-শিক্ষয়েত্ৰীয়ে বিদ্যালয়লৈ সাধাৰণতে লৈ আহে কিতাপ-কলম বা পঢ়া শুনাৰে জড়িত অন্যান্য সামগ্ৰী। কিন্তু চামগুৰিৰ বাঘবৰালী মধ্য ইংৰাজী বিদ্যালয়ৰ ৰিতুমনি বৰা শিক্ষয়েত্ৰী বাইডেউৱে বিদ্যালয়লৈ লৈ আহে চোকা অস্ত্ৰ। হাতত চুৰি লৈ আহি গালি-গালজ কৰি ভয়-ভাবুকি দেখুৱাৰ লগতে সকলোৰে সৈতে অভব্য আচৰণ কৰাৰো আছে বাইডেউৰ বিৰুদ্ধে অভিযোগ। ফোনযোগেও বিদ্যালয়ৰ অন্যান্য কৰ্মচাৰী শিক্ষক-শিক্ষয়েত্ৰীকো অস্ত্ৰধাৰী ৰিতুমনি বাইডেউৱে অশালীন ব্যৱহাৰ কৰাৰো আছে অভিযোগ ।
বিদ্যালয়ৰ নিতি-নিয়ম উলংঘা কৰাৰ উপৰিও এইগৰাকী শিক্ষয়েত্ৰীয়ে এতিয়া বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে বিদ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে ফলত.. শীঘ্ৰে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি উৰ্ধতম কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ আহ্বান বিদ্যালয় কৰ্তৃপক্ষৰ।