চতিয়াৰ তিনিটাকৈ স্থানত বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মুক্ত কৰা হ’ল প্ৰায় ৭৫ বিঘা চৰকাৰী ভূমি।চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে বুলডজাৰেৰে অভিযান। চৰকাৰী গোপচাৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলিছে এই অভিযান। চতিয়াৰ মিলনপুৰত গোপচাৰ মাটি বেদখল কৰা ৩৪টাকৈ পৰিয়ালৰ লগতে চৰাইজনীয়া ১৬টা আৰু চলাহোলাত ১৫টাকৈ ধৰি সৰ্বমুঠ ৬৫ টা পৰিয়ালৰ বিৰুদ্ধে চলোৱা হ’ব এই উচ্ছেদ।

বুলডজাৰৰ দ্বাৰা এইদৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যেই মোতায়ন কৰা হৈছে ২০০গৰাকী আৰক্ষী/চি আৰ পি এফ জোৱান। উচ্ছেদ অভিযানৰ পূৰ্বেই ইতিমধ্যে বেদখলকাৰী সকল আঁতৰি গৈছে। আজি প্ৰশাসনে বেদখলকাৰীৰ কবলৰ পৰা প্ৰায় ৭৫ বিঘা চৰকাৰী মাটি মুক্ত কৰিবলৈও সক্ষম হয়।