মাতৃ – পুত্ৰৰ লগত ঘটিল ভয়ংকৰ ঘটনা। ঘৰৰ ভিতৰতে হাতীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ – পুত্ৰৰ।
পেঙেৰীত বন্যহস্তীৰ ভয়ংকৰ তাণ্ডৱ।

নিশা ব্ৰহ্মাজান চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী মহিলাসহ দুই ব্যক্তিয়ে। মানুহ আৰু হাতীৰ সংঘাতৰ এক কৰুণ পৰিণতি দেখা গ’ল পেঙেৰীৰ ব্ৰহ্মাজান চাহ বাগিচাত।
নিশা প্ৰায় ১১:৩০ বজাত এজাক বন্যহস্তীয়ে চাহ বাগিচাখনত চলাই উপদ্ৰৱ। তেনে সময়তে হাতীৰ জাকটোৱে ঘৰৰ ভিতৰতে আক্ৰমণ কৰে চাহ শ্ৰমিক বুধন ৰাউটিয়া (৫০) আৰু অনিতা ৰাউটিয়া (৭০) নামৰ লোক দুজনক।উল্লেখ্য যে, বিগত দীৰ্ঘদিন ধৰি পেঙেৰীৰ খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত বনৰীয়া হাতীয়ে চলাই আহিছে ত্ৰাস। কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বন বিভাগে এই উপদ্ৰৱ ৰোধ কৰিবলৈ কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই।প্ৰতিদিনে বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতে এতিয়া অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।