
ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে বাক্সাৰ পৰিস্থিতি। শান্ত হৈ পৰিছে অশান্ত বাক্সা। বুধবাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সহ ৫ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায় জিম্মালৈ প্ৰেৰণ কৰা হয়। বাক্সাত নৱনিৰ্মিত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৫ অভিযুক্তক। ঘটনাক কেন্দ্ৰ কৰি বাক্সাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা থকা আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি একাংশ লোকে শিল নিক্ষেপ কৰি উত্তপ্ত পৰিস্থিতিক সৃষ্টি কৰে। জ্বলাই দিয়ে আৰক্ষীৰ বাহন। আৰক্ষীকো আক্ৰমণ কৰে একাংশ। ইতিমধ্যে বাক্সাত জাৰি কৰা হৈছে সান্ধ্য আইন, কৰ্তন কৰা হৈছে ইণ্টাৰনেট। বাক্সা জিলা কাৰাগাৰৰ সমিপৰ জাৰি কৰা হৈছে ১৬৩ ধাৰা। মোতায়েন অতিৰিক্ত নিৰাপত্তাৰক্ষী। ৰাইজক অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ।