ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হৈছে। ‘হাত’ এৰি ‘পদুম’লৈ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগে জোৱাৰ আনিছে কংগ্ৰেছ দলৰ অভ্যন্তৰত। নিৰ্বাচনী ইস্তাহাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছিল প্ৰদ্যুৎ বৰদলৈ। গতিকে প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে কংগ্ৰেছত স্থবিৰ হৈ পৰিছে নিৰ্বাচনী কাম-কাজ।

আজি যিহেতু আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈয়ে। মঙলবাৰে কংগ্ৰেছ দল ত্যাগ কৰিছিলে সাংসদগৰাকীয়ে। কংগ্ৰেছ দল ত্যাগৰ পাছতে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। গৃহমন্ত্ৰী গৰাকীক সাক্ষাতৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। দল ত্যাগ সন্দৰ্ভত বৰদলৈয়ে কয় যে ‘কিছু বিষয়ক লৈ কংগ্ৰেছত মই নিৰন্তৰ অপমানিত হৈ আহিছোঁ। গোটেই জীৱন কংগ্ৰেছক দিয়াৰ পাছতো মই আজি অকলশৰীয়া অনুভৱ কৰিছোঁ। মোৰ হাতত এতিয়া উপায়ো নাই, মোক মানসিকভাৱে আঘাত দিলে দলটোৱে’
ভিতৰি ভিতৰি মই ভাগৰি পৰিছো। কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতাই মোক বহু বিষয়ত অপমান কৰিলে। কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো।’