Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন কৰা হৈছে। জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত হত্যাৰ সন্দেহ।
CIDৰ কাৰ্যালয়ত চলিছে মাৰাথন জেৰা। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা চলাই বহু তথ্য লাভ কৰিছে CIDএ।
আজি সন্দিপন গাৰ্গ আৰু শেখৰ জ্যোতি গোস্বামীক পুনৰ জেৰা চলাই CIDএ। ইতিমধ্যে জুবিন গাৰ্গৰ বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
সিদ্ধাৰ্থ শৰ্মাৰ বেগৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ কেইবাটাও ঔষধ। ঔষধ সমূহ পৰীক্ষা কৰিব CIDএ। জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত SDGP মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য
জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ টীম পঠিওৱা হব। তদন্ত SIT য়ে চলাই আছে’, সকলোকে তদন্তৰ আওঁতাত অনা হ’ব’। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰত চৰকাৰলৈ পঠিয়াবলৈ সাজু ছিংগাপুৰৰ প্ৰশাসন। এই প্ৰতিবেদন কেৱল মাত্ৰ পত্নী গৰিমা গাৰ্গক দিয়া হব। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহব। কোনো লোকে চাবলৈ বিচাৰিলে আদালতলৈ যাব লাগিব।

Wordpress Social Share Plugin powered by Ultimatelysocial