Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত পঞ্চতাৰকা হোটেল খোলাক কেন্দ্ৰ কৰি হোৱা উচ্ছেদক লৈ সৰৱ হৈ পৰিছে আম আদমী পাৰ্টী । শীঘ্ৰেই উচ্ছেদিতক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে আপৰ নেতা মনোজ ধানোৱাৰে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পাছতো বিষয়টোক লৈ বিতৰ্কৰ অৱসান হোৱা নাই। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন হাতীখুলি চাহ বাগিচাত উপস্থিত হৈ বিলাসী হোটেল নিৰ্মাণৰ উদ্দেশ্যে উচ্ছেদিত আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়াল সমূহৰ দুৰ্গতিৰ বুজ লয় আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰ আৰু ৰাজীৱ শইকীয়াই।

হাতীখুলি বাগিচাৰ স্থানীয় বাসিন্দা সকলৰ সৈতে মত বিনিময় কৰাৰ পাছত বোকাখাতত এখন সংবাদমেল সম্বোধন কৰে আপৰ নেতা মনোজ ধানোৱাৰ আৰু ৰাজীৱ শইকীয়াই। সংবাদমেলত যুগ যুগ ধৰি হাতীখুলিত বসবাস কৰা থলুৱা লোকক উচ্ছেদৰ বিৰুদ্ধে সৰৱ হয় ধানোৱাৰে। পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত আদিবাসী ভূমিপুত্ৰক উচ্ছেদৰ বিৰোধিতা কৰাৰ লগতে ইতিমধ্যে উচ্ছেদ কৰা পৰিয়াল সমূহক পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায়।

কেইদিনমান পূৰ্বে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা আটছা কৰ্মী সকলৰ ওপৰত চলোৱা আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধেও সৰৱ হয় আপ নেতৃত্ব। আপে প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনাৰ উচিত তদন্তৰ লগতে দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী জনায় । আনহাতে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলত বসবাস কৰা ১০ লক্ষাধিক স্থায়ী শ্ৰমিক তথা আদিবাসী চাহ জনগোষ্ঠীৰ অস্থায়ী শ্ৰমিক সকলকো মাটিৰ পট্টা দিবলৈও দাবী উত্থাপন কৰে ধানোৱাৰে।

আপৰ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বসুন্ধৰা ১, বসুন্ধৰা ২ আৰু বসুন্ধৰা ৩ আঁচনিৰ অধীনত চাহ বাগিচাত বসবাস কৰা ভূমিপুত্ৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকক পট্টা নিদিয়াৰ বাবে চৰকাৰৰ নীতিৰ সমালোচনা কৰে। সংবাদমেলত আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ বক্তব্য প্ৰকাশ কৰে। থলুৱা লোকক নিজৰ মাটি ভেটিৰ পৰা উচ্ছেদৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা উদ্যোগ, প্ৰতিষ্ঠান বা বিলাসী হোটেল নিৰ্মাণৰ পৰিকল্পনাৰ বিৰুদ্ধে আপৰ শক্তিশালী স্থিতিৰ বিষয়ে সদৰি কৰে দলৰ নেতা ৰাজীৱ শইকীয়াই। সংবাদমেলত আপৰ কেইবাগৰাকীও স্থানীয় নেতা-কৰ্মী উপস্থিত থাকে।

Wordpress Social Share Plugin powered by Ultimatelysocial