কাইলৈ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। বছৰজোৰা কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিব ৰাজ্য চৰকাৰে। শতবাৰ্ষিকী উপলক্ষে ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে এই কাৰ্যসূচীত অংশ ল’ব। সন্ধিয়া পাঁচ বজাৰ পৰা খানাপাৰাৰ খেলপথাৰত আৰম্ভ হব সুধাকন্ঠৰ শতবাৰ্ষিকী অনুষ্ঠান। খানাপাৰাৰ খেলপথাৰত সুধাকণ্ঠৰ প্ৰায় ১৪ টা গীত সমবেত সঙ্গীত আকাৰে পৰিবেশন কৰা হ’ব। ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১১০০ তকৈ অধিক লোক নিমন্ত্ৰণ কৰিছে ৰাজ্য চৰকাৰে । এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অসম চৰকাৰে এটা পৰ্টেলো মুকলি কৰিব।
প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লগা এই সভাত প্ৰায় ১০ হাজাৰ লোকে অংশ গ্ৰহণ কৰিব । উক্ত সভাতে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা ভাৰতৰত্ন ভূপেন হাজৰিকাৰ নামত প্ৰচলিত হ’ব লগা এটা মুদ্ৰাও আনুষ্ঠানিক ভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব। ভূপেন দাৰ ওপৰত লিখা বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন গ্ৰন্থও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব ।