কলিয়াবৰ চাহ বাগিছাৰ বৰ লাইনত পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী যুৱতী নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদত নামিল বাগিছাখনৰ চাহ শ্ৰমিক।
নিশা দুটাকৈ বনৰীয়া হাতীয়ে বৰলাইনত ঘৰ ভঙাৰ উমান পাই প্ৰাণ ৰক্ষাৰ বাবে ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছিল সংগীতা সেৰু নামৰ দুৰ্ভগীয়া যুৱতী গৰাকী। যাৰ ফলত বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাত হাতীটোৱে প্ৰাণ কাঢ়ি লয় যুৱতী গৰাকীৰ। ঘটনাস্থলীত বনবিভাগৰলোক উপস্থিত হৈ যুৱতীগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নগাঁৱলৈ প্ৰেৰণ কৰে। বিগত সময়ত বাঘ আৰু হাতীৰ আক্ৰমণত বাগিছা এলেকাৰ কেইবাগৰাকীও নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। গুৰুতৰ ভাবে আহত হৈছিল কেইবাজনো।
ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে কামাখ্যা পাহাৰৰ নামনিত নগাঁও বন বিভাগে পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰিছিল যদিও সেইয়া সময়ত ফুটুকাৰ ফেনত পৰিণত হৈছিল। চুৰ হৈছিল বেটাৰী¸যাৰ বাবে কাৰেন্ট চাপ্লাই দিব পৰা নাছিল। যাৰ বাবে পাৱাৰ ফেঞ্চিঙৰ পৰা উপকৃত নহ’ল গঞা ৰাইজ।
বাঘ-হাতী, বন গাহৰি, বনৰীয়া ম’হ আদি বন্যপ্ৰাণীৰ আক্ৰমণত কলিয়াবৰ চাহ বাগিছাৰ কেইবাগৰাকীও চাহ শ্ৰমিকে প্ৰাণ হেৰুৱাৰ লগতে চিৰ দিনৰ বাবে পঙ্গু হৈ জীৱন অতিবাহিত কৰিব লগা হোৱাত বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে চলিত বৰ্ষৰ জানুৱাৰীত কলিয়াবৰলৈ আহি চাহ বাগিছাৰ শ্ৰমিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ আশ্বাস দিছিল যদিও সেই আশ্বাস ফুটুকাৰা ফেনলৈ পৰ্যবসিত হোৱা বুলি আজি অভিযোগ উত্থাপিত কৰিলে ক্ষুব্ধ চাহ শ্ৰমিকে।
কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিলে পৰিয়ালৰ লোকে।যুৱতীগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ কলিয়াবৰত পৰিছে শোকৰ ছাঁ।