আজি কংগ্ৰেছে সাব্যস্ত কৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী। এক দেশ এক নিৰ্বাচনৰ বিৰোধীতাৰে ৰাজভৱন চালো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে। আদানী এণ্ড কোম্পানীৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে কংগ্ৰেছে। কংগ্ৰেছৰ ৰাজ ভৱন চলো কাৰ্যসূচীৰ মাজতে আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হয় হতাহতি। আৰক্ষীয়ে বাৰম্বাৰ বাধা প্ৰদান কৰাৰ পিছতো কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ অব্যাহত ৰাখাৰ বাবে প্ৰতিবাদকাৰীৰ বাধা প্ৰদান কৰিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে আটক কৰে কেইবাজনো প্ৰতিবাদকাৰীক। আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতিত আহত হয় এজন সংবাদকৰ্মী, মৃত্যু হয় প্ৰতিবাদত অংশ লোৱা অধিবক্তা মৃদুল ইছলামৰ।
কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীক অবৈধ ঘোষণাও কৰে আৰক্ষী-প্ৰশাসনে। ৰাজ্যপালক স্মাৰক পত্ৰ দিবলৈ কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ইফালে আৰক্ষীয়ে আটক কৰাৰ পিছত শাসকীয় চৰকাৰক সমালোচনা কৰে APCCৰ সভাপতি ভূপেন বৰাই l