Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আয়োজন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা। মঙ্গলবাৰে বটদ্ৰৱা থানত উপস্থিত হয় ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মান কৰা বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন নীতি নিৰ্দেশনা জাৰি কৰে। যিকোনো সাজ-পোছাক পৰিধান কৰি এতিয়াৰে পৰা বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰত কোনো ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। জাতীয় সাজ পৰিধান কৰিলেহে বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰিব
ব্যক্তিয়ে । অৱশ্যে ১২ বছৰৰ তলৰ শিশুৰ বাবে এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব । বটদ্ৰৱা থানত সেৱা জনাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে

Wordpress Social Share Plugin powered by Ultimatelysocial