Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এগৰাকী ১৮ মহীয়া দেৱশিশুৱে অসমলৈ কঢ়িয়াই আনিছে এক বিশেষ সন্মান।ৰাষ্ট্ৰীয় পৰ্যায়ত আয়াজ আজিলে লাভ কৰিলে এক বিশেষ সন্মান।”ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ”ৰ সন্মান লাভ কৰিলে নগাঁৱৰ ১৮ মহীয়া দেৱশিশু আয়াজ আজিলে।

পূৰ্বেও ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন সন্মান লাভ কৰিছিল আয়াজে।অসম বুক অফ ৰেকৰ্ডছৰ সন্মান লাভ কৰিছিল ১৮ মহীয়া আয়াজে।পিতৃ মাতৃ চৰকাৰী কৰ্মচাৰী যদিও পিতৃ মাতৃৰ বিশেষ পদক্ষেপত আয়াজে খুব কম বয়সতে বহু জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে।

৫ মিনিটত ৪৫ খন দেশৰ নাম,২৭ খন বাহন ,২৪ টা প্ৰাণীৰ নাম,২৩ টা ঘৰুৱা বস্তু,১৪ টা ৰাষ্ট্ৰীয় চিহ্ন, ৮টা গ্ৰহ,২৫ টা সাধাৰণ জ্ঞান,ইংৰাজী বৰ্ণমালা আৰু ১ ৰ‌ পৰা ৫০ লৈকে ক’বলৈ সক্ষম হোৱা আয়াজে লাভ কৰিলে এই বিশেষ সন্মান।

আয়াজৰ এই সাফল্যত আনন্দিত নগাঁৱবাসী লগতে ৰাজ্যবাসী।আয়াজৰ অনাগত ভৱিষ্যতৰ সুন্দৰ হৈ হওক।জাকত জিলিকা থাকক আয়াজৰ জীৱন যাত্ৰা।

Wordpress Social Share Plugin powered by Ultimatelysocial