Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

উমৰাংচ’ৰ কয়লাখনিত অৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে চলি আছে অভিযান। ৪ দিন উকলিল ঘটনাৰ। বৰ্তনালৈ ৪ শ্ৰমিকৰ মৃত্যু হৈছে। এতিয়াও কয়লাখনিটোৰ ভিতৰত আছে বহু শ্ৰমিক। ৩ কিলোৰ কয়লাখনিটোত RAT HOLE মাইনিঙৰ প্ৰক্ৰিয়াৰে অবৈধ ভাৱে কয়লাখননৰ বাবে খনিটোৰ ভিতৰলৈ নামিছিল প্ৰায় ১৫ জন শ্ৰমিক।

কয়লাখনিটোত পানী জমা হোৱাৰ ফলত খনিটোতে আৱদ্ধ হৈ পৰে শ্ৰমিকসকল। সুভাগ্যক্ৰমে ৩ শ্ৰমিকক উলিয়াই অনা হৈছিল যদিও তিনিও শ্ৰমিকে মৃত্যুক সাৱটে। আনফালে বুধবাৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে এটা মৃতদেহ। খনিটোৰ ভিতৰত জমা হোৱা পানী অহৰ্নিশে নিষ্কাষণ কৰি থকা হৈছে। বিশেষজ্ঞৰ দলো নিয়োজিত হৈ আছে অভিযানত।


NDRF, SDRF, সেনাৰ লগতে নৌ সেনাৰ deep diverও নিয়োজিত অভিযানত। অৱশ্যে বৰ্তমানলৈ সঠিককৈ জানিব পৰা হোৱা নাই কয়লাখনিটোৰ ভিতৰত আৱদ্ধ শ্ৰমিকৰ সংখ্যা।

Wordpress Social Share Plugin powered by Ultimatelysocial