Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

মানুহ দেখিছোঁ আজি, বহুত মানুহ দেখিছোঁ শীৰ্ষক গীতৰ স্ৰষ্টা কন্ঠশিল্পী সূৰ্য দাসে ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
খবৰ অনুসৰি বাথৰুমত অচেতন হৈ পৰিছিল সূৰ্য দাস। মূৰত কিছু আঘাতপ্ৰাপ্ত হৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয় শিল্পীগৰাকীৰ। সংগীত জগত উকা কৰি উভতি নহাৰ বাটেৰে গুচি যোৱা গণশিল্পীগৰাকীক হেৰুৱাই শোকত ম্ৰিয়মাণ আজি সংগীতজগত। তেওঁৰ মৃত্যু অসমীয়া সংগীত জগতৰ অপূৰণীয় ক্ষতি।
এসময়ত তেঁও কৈছিল ”আমি বাটৰুৱা শিল্পী, আমি টলৌগুটি শিল্পী নহয় । আমি মানুহৰ দুখ, সুখ গীতৰে প্ৰকাশ কৰো।”


গণশিল্পীগৰাকীৰ মৃত্যুত ইতিমধ্যে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীক শ্ৰদ্ধা জনাই লিখিলে- “মানুহ দেখিছোঁ আজি বহুত মানুহ…” উদাত্ত কণ্ঠেৰে জনমুখী গীত পৰিৱেশনেৰে জাতীয় চেতনাক জাগ্ৰত কৰাত প্ৰখ্যাত সংগীতশিল্পী সূৰ্য দাসদেৱে এক সবল ভূমিকা পালন কৰিছিল। তেখেতৰ কণ্ঠৰ মাধুৰ্য আৰু গীতৰ প্ৰাসংগিকতা সজীৱ হৈ থাকিব। সূৰ্য দাসদেৱৰ বিয়োগ অসমৰ সংগীত জগতৰ লগতে সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ মোৰ তৰফৰপৰা গভীৰ সমবেদনা জনালোঁ।

Wordpress Social Share Plugin powered by Ultimatelysocial