অপেক্ষা আৰু কিছু মুহূৰ্তৰ। আজি নিশা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা কইনাধৰা অতিথিশালাত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। সোমবাৰে গুৱাহাটীত মুকলি হ’ব অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ’ব প্ৰেক্ষাগৃহটো।

গৃহমন্ত্ৰীৰ আগমনক লৈ এতিয়া বৃদ্ধি পাইছে ৰাজ্য চৰকাৰৰ তৎপৰতা। অমিত শ্বাহৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত উপস্থিত হৈ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে, প্ৰেক্ষাগৃহটোৰ বাহিৰত পাৰ্কিং ব্যৱস্থা কৰা হৈছে । বহু খলপীয়া এই পাৰ্কিঙত একে সময়তে ৪৫০ খন গাড়ী ৰাখিব পৰাকৈও ব্যৱস্থা কৰা হৈছে। এই প্ৰেক্ষাগৃহৰ বাহিৰত ৯ হাজাৰ বৰ্গ মিটাৰৰ এখন বাগিচা আছে য’ত মিউজিকেল ফাউণ্টেইন, ফুড ক’ৰ্ট আদি থাকিব । মিউজিকেল ফাউণ্টেইনত বাজি থাকিব জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীত। তদুপৰি প্ৰেক্ষাগৃহৰ দুয়োফালে থাকিব জ্যেতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি । ইয়াৰোপৰি প্ৰেক্ষাগৃহটোৰ ভিতৰত অনুষ্ঠান লাইভ কৰাৰ ব্যৱস্থা থকাৰ লগতে এটা অতিথিশালাৰ ব্যৱস্থাও আছে।