দিন দুপৰতে ফাঁচী বজাৰত গো-মাংস বিক্ৰী। চৰকাৰ প্ৰশাসনৰ নিৰ্দেশনাক চৰম অমান্য কৰি ফাঁচী বজাৰত গো-মাংস বিক্ৰী।
আজি পবিত্ৰ ঈদ উজ জহা। মুচলমান সম্প্ৰদায়ৰ লোক সকলে আজিৰ দিনটোত ৰাতিপুৱা নামাজ পঢ়ি আল্লাক দুৱা কৰিছে সকলৰে মঙ্গলৰ কামনাৰ্থে। তাৰ পিছতেই ধৰ্মীয় নীতি অনুসৰি কুৰ্বানি কৰি খাদ্য গ্ৰহণ কৰে। কিন্তু কুৰ্বানিৰ খাদ্য হিচাপে জনাজান গো মাংসক লৈ ৰাজ্য চৰকাৰ প্ৰশাসনে পূৰ্বে দি থৈছে বহু কঠোৰ নিৰ্দেশনা। চৰকাৰ প্ৰশাসনৰ নিৰ্দেশনাকো কেৰেপ নকৰি ফাঁচী বজাৰৰ মাজমজিয়াত বিল্ডীঙৰ কোঠাত কৰা হ’ল গো-বধ।
কোঠাৰ ভিতৰতে টুকুৰা টুকুৰ কৰি কটা হ’ল দুটাকৈ গৰু। অভিযোগ অনুসৰি পাখি মাৰ্কেটৰ স্বতাধিকাৰী আৰ্চাদ হুছেইনৰ অট্টালিকাত নিশাৰ আন্ধাৰত তৃতীয় মহলালৈ লৈ যোৱা হৈছিল দুটাকৈ গৰু। ইফালে -গুৱাহাটী পৌৰ নিগমৰ ১৬ নং ৱাৰ্ডৰ পাৰিষদ প্ৰমোদ স্বামীয়ে সমগ্ৰ ঘটনাৰ খবৰ পাই অৱগত কৰে ফাঁচি বজাৰ আৰু পানবজাৰ আৰক্ষীক। আৰক্ষীৰ অভিযানত আৰ্চাদ হুছেইনৰ অট্টালিকাৰ পৃথক কোঠাত উদ্ধাৰ প্ৰায় ১ কুইণ্টেলতকৈও অধিক গো-মাংস l
অট্টালিকাটোত আৰক্ষীয়ে প্ৰৱেশ কৰাৰ লগে লগে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে অট্টালিকাটোৰ স্বতাধিকাৰী আৰ্চাদ হুছেইনক।