আৰু কিমান ধাৰ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া?এফালে মূল্যবৃদ্ধিৰ জুইয়ে সৰ্বসাধাৰণ জনতাৰ অৱস্থা কাহিল কৰি পেলাইছে।খোৱা বস্তুৰ পৰা পিন্ধা কাপোৰলৈকে,পেট্ৰ’ল-ডিজেলৰ পৰা কাৰেণ্টলৈকে,হাস্পতালৰ পৰা চিকিৎসা সামগ্ৰীলৈকে ক’ত হোৱা নাই মূল্যবৃদ্ধি?আজিৰ তাৰিখত সাধাৰণ মানুহে ঘৰ নিৰ্মাণ কৰিবলৈ বিচাৰিলেও ১০০বাৰ চিন্তা কৰিবলৈ বাধ্য হয় যে ঘৰটো বনাও নে নবনাও কাৰণ ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ মূল্যবৃদ্ধি।এই সকলোবোৰৰ কাৰণ হৈছে ৰাজ্য চৰকাৰে প্ৰতিমাহে লৈ থকা ঋণ।ঋণৰ বোজা পৰিছে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ মূৰৰ ওপৰত।যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে অসমক ভাৰতৰ প্ৰথম ৫খন উন্নত ৰাজ্যৰ এখন কৰিব সেইয়া যে মিছা কথাৰ বাহিৰে আন একো নহয় সেইয়া প্ৰমাণ কৰিলে ৰিজাৰ্ভ বেংক অফ্ ইণ্ডিয়াৰ প্ৰতিবেদনে। কাৰণ শুনি আচৰিত হ’ব জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে ২২।তাতোকৈ ডাঙৰ কথাটো হৈছে চুবুৰীয়া ছিকিম ২৫খন ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে। ছিকিমৰ বছৰি জনমূৰি আয় হৈছে ৫লাখ ৮৭হাজাৰ ৭৪৩টকা। দ্বিতীয় স্থানত থকা দিল্লীৰ বছৰি জনমূৰি আয় হৈছে ৪লাখ ৬১হাজাৰ ৯১০টকা। তৃতীয় স্থানত থকা তেলেংগানাৰ বছৰি জনমূৰি আয় হৈছে ৩লাখ ৫৬হাজাৰ ৫৬৪টকা।আৰু আমাৰ অসমৰ বছৰি জনমূৰি আয় হৈছে মাত্ৰ ১লাখ ৩৫হাজাৰ ৭৮৭টকা।এবাৰ অসমৰ জনতাই কল্পনা কৰক কি অৱস্থা হৈ আছে অসমৰ অৰ্থনীতিৰ?
শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অফ্ ইণ্ডিয়াৰ বাৰ্ষিক প্ৰতিবেদনে ৰাজ্যৰ ৰাজকোষৰ শোচনীয় অৱস্থাৰ প্ৰকৃত ছবিখনো উন্মোচিত কৰিলে।আপোনাৰ চকু কপালত উঠিব হিমন্ত চৰকাৰে মাত্ৰ ৩বছৰত লোৱা ধাৰৰ পৰিমাণ শুনিলে। মাত্ৰ ৩বছৰতে হিমন্ত চৰকাৰে ধাৰ লৈছে ৬১,১৯১কোটি টকা।ইফালে আৰু ২টা বছৰ বাকী আছেই।ভাৱক এই ধাৰ কিমান হ’বগৈ।এই যি ধাৰৰ পৰিমাণ হিমন্ত চৰকাৰৰ সেইয়া স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰটো কাৰ্যকাললৈকে ৰাজ্য চৰকাৰৰ ধাৰৰ পৰিমাণ আছিল কেৱল ৪১,৯৬৪কোটি টকা। তদুপৰি সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত অৰ্থাত ২০২১লৈকে ৫বছৰত ধাৰৰ পৰিমাণ আছিল ৪৭,৭৪৫কোটি টকা।কিন্তু হিমন্ত চৰকাৰে সকলোকে চেৰ পেলাই ধাৰ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰি ৰেক’ৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ৩১মাৰ্চ ২০২১ৰ পৰা ৩১মাৰ্চ ২০২৪লৈকে মুঠ ঋণ হৈছে ৬১,১৯১কোটি টকা। একপ্ৰকাৰ চাবলৈ গ’লে বিজেপি চৰকাৰ শাসনলৈ অহাৰ আগলৈকে ৰাজ্য চৰকাৰৰ ধাৰৰ পৰিমাণ আছিল ৪১,৯৬৪কোটি টকা। কিন্তু বিজেপি চৰকাৰৰ এই ৮বছৰীয়া কাৰ্যকালতে ধাৰৰ পৰিমাণ হ’লগৈ ১লাখ ৮হাজাৰ ৯৩৬কোটি টকা।২০১৬-১৭ বিত্তীয় বৰ্ষত লৈছিল ২,৯৬৪কোটি টকা,২০১৭-১৮ বৰ্ষত লৈছিল ৩২০৫কোটি টকা,২০১৮-১৯বৰ্ষত লৈছিল ৩৮৪৪কোটি টকা,২০১৯-২০বিত্তীয় বৰ্ষত লৈছিল ৪৪৩৯কোটি টকা,২০২০-২১বৰ্ষত লৈছিল ৬০৫২কোটি টকা,২০২২-২৩বৰ্ষত লৈছিল ৭,৫৪৩কোটি টকা,২০২৩-২৪বৰ্ষত লৈছিল ৮৮১৫কোটি টকা।বৰ্তমান যদি চোৱা হয় তেন্তে অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ’লগৈ ১লাখ ৫০হাজাৰ ৯০০কোটি টকা।কিন্তু ইমানেই নহয় মাৰ্চ মাহৰ পৰা বৰ্তমান ডিচেম্বৰ মাহলৈকে যদি আপুনি চাই তেন্তে হিমন্ত চৰকাৰে ২০হাজাৰ কোটি টকা ধাৰ লৈছে ।অৰ্থাত এই হিচাপত অসমৰ ধাৰৰ পৰিমাণ হ’লগৈ ১লাখ ৭০হাজাৰ কোটি টকা।আনহাতে,চলিত বৰ্ষৰ প্ৰতিটো মাহতে হিমন্ত চৰকাৰে অতিৰিক্তভাৱে গড়ে ঋণ লৈছে ১০০০কোটিৰ পৰা ১৫০০কোটি টকা।RBIৰ তথ্য অনুসৰি, অসম চৰকাৰৰ RBIৰ জৰিয়তে ষ্টক নিলাম কৰি ৰাজ্যিক উন্নয়ন ঋণ শিতানতে সৰ্বাধিক ৯৭,৮৬৯কোটি টকা ধাৰ লৈছে,নাবাৰ্ডৰ পৰা লৈছে প্ৰায় ৮,৯৮৬কোটি টকা,ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা লৈছে ১২,৪৯৯কোটি টকা,ভৱিষ্যনিধিৰ পৰা ধাৰ লৈছে ১৪,৬৯৮কোটি টকা।অন্যান্য বেংকৰ পৰা লোৱা হৈছে ৮,৯৯৭কোটি টকা।এতিয়া কথাটো হ’ল চৰকাৰে লোৱা এই ধাৰ কিন্তু আপুনি মই পৰিশোধ কৰিব লাগিব।বৰ্তমান যি আকাশলংঘী মূল্যবৃদ্ধি হৈ আছে সেইয়া আগন্তুক সময়ত আৰু অধিক হ’বলৈ গৈ আছে।