আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সামৰিক উত্তেজনাৰ মাজতে এক নাটকীয় পৰিৱৰ্তন ঘটিছে। ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিছে। আদালতে জনাইছে যে এতিয়াৰ পৰা ৰড্ৰিগেজেই দেশৰ প্ৰশাসনৰ মুৰব্বী হোৱাৰ লগতে সামগ্ৰিক প্ৰতিৰক্ষাৰ দায়িত্বও পালন কৰিব। ক্ষমতা গ্ৰহণ কৰিয়েই ৰড্ৰিগেজে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে। তেওঁ স্পষ্টকৈ কয় যে ভেনিজুৱেলাই কেতিয়াও কাৰো দাসত্ব গ্ৰহণ নকৰে। ইয়াৰ লগতে বন্দী হৈ থকা ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক অতি শীঘ্ৰে মুক্তি দিবলৈ আমেৰিকাৰ ওচৰত দাবী জনায়।

যোৱা শনিবাৰে পুৱাৰে পৰা দুয়োখন দেশৰ মাজত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰে। আমেৰিকাৰ সেনাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ লগতে মিৰাণ্ডা, আৰাগুয়া আৰু লা গুয়াইৰা দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত ধাৰাবাহিকভাৱে গোলাবৰ্ষণ আৰু বিমান আক্ৰমণ আৰম্ভ কৰে। এই আক্ৰমণৰ ফলত সমগ্ৰ ভেনিজুৱেলা আন্ধাৰত ডুব যায়। ইয়াৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বৰ্তমান তেওঁলোকক নিউয়ৰ্কৰ এটা ডিটেনচন চেণ্টাৰত ৰখা হৈছে। শনিবাৰৰে পৰা ডেলচি ৰড্ৰিগেজে দেশৰ দায়িত্ব ল’ব পাৰে বুলি যি চৰ্চা চলি আছিল, ভেনিজুৱেলাৰ আদালতে সেই চৰ্চাত মোহৰ মাৰি তেওঁক অনুমোদন জনায়।
ইফালে এই সামৰিক অভিযানৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এক সংবাদমেল সম্বোধন কৰি ইয়াক তেওঁলোকৰ বিজয় বুলি ঘোষণা কৰে। ট্ৰাম্পে কয় যে ভেনিজুৱেলাত এজন যোগ্য আৰু নিৰাপদ শাসক নোহোৱালৈকে আমেৰিকাই দেশখনৰ শাসন চলাই যাব। তেওঁৰ মতে ভেনিজুৱেলাত দীৰ্ঘদিন ধৰি এক অস্থিৰ পৰিৱেশ চলি আছে আৰু সেয়েহে বৰ্তমান তেওঁলোকে আন কাৰোবাৰ হাতত ক্ষমতা অৰ্পণ কৰিব নিবিচাৰে। ট্ৰাম্পৰ এই মন্তব্যক ডেলচি ৰড্ৰিগেজে তীব্ৰ গৰিহণা দিছে। তেওঁ কয় যে ভেনিজুৱেলা কোনো বিদেশী সাম্ৰাজ্যৰ উপনিবেশ নহয়। মাদুৰোকেই তেওঁলোকৰ একমাত্ৰ বৈধ নেতা বুলি অভিহিত কৰি তেওঁ পুনৰ মাদুৰো দম্পতীক মুক্তিৰ বাবে জোৰ দিয়ে।
ভেনিজুৱেলাৰ চৰকাৰে অভিযোগ কৰিছে যে এই সমগ্ৰ আক্ৰমণ আমেৰিকাৰ এক আগ্ৰাসী নীতিৰ বাহিৰে আন একো নহয়। তেওঁলোকৰ মতে আমেৰিকাৰ আচল লক্ষ্য হৈছে ভেনিজুৱেলাৰ প্ৰচুৰ তেল আৰু খনিজ সম্পদসমূহ নিজৰ দখললৈ নিয়া। আনহাতে আমেৰিকাৰ পক্ষৰ পৰা কোৱা হৈছে যে মাদুৰোৰ বিৰুদ্ধে ড্ৰাগছ সন্ত্ৰাসবাদ, কোকেইন আমদানি আৰু মাৰাত্মক অস্ত্ৰ ৰখাৰ দৰে গুৰুতৰ অভিযোগ আছে। এই অভিযোগসমূহৰ বিচাৰ কৰিবলৈকে তেওঁক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ যোৱা হৈছে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।