Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

আবিৰৰ ৰঙেৰে বৰ্ণিল সকলোৰে মন। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিব চৌদিশ। ফাগুন মানেই ৰঙৰ উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় দৌল উৎসৱ বা ফাকুৱা। আজি সমগ্ৰ দেশে উদযাপন কৰিব এই ৰঙৰ উৎসৱ ফাকুৱা। দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ’ব দৌল উৎসৱ তথা ফাকুৱা। চৌদিশে উচাহপূৰ্ণ আয়োজনেৰে উদযাপন কৰা হ’ব এই দৌল উৎসৱ। বৰপেটা, হাউলী, নলবাৰী, মাজুলীৰ সত্ৰসমূহকে ধৰি ভিন্ন প্ৰান্তত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। উদুলি- মুদুলি হৈ পৰিছে চৌদিশ। শ্ৰীকৃষ্ণ বন্দনা আৰু হোলী গীতৰ মুৰ্ছনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ- বতাহ। আবিৰৰ ৰঙত বিলীন হৈ পৰিছে জাতি-ধৰ্ম-বৰ্ণ। সকলোৰে মাজত এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল আনন্দৰ বন্যা।

Wordpress Social Share Plugin powered by Ultimatelysocial