Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

আজি চেৰা বিহু l সাতবিহুৰ অন্তিমটো দিন চেৰা বিহু হিচাবে পালন কৰা হয়। কোনো কোনো ঠাইত এই বিহুক এৰা বিহু বুলিও কোৱা হয়। চেৰা বিহুৰ দিনটোত দৈ আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰা আছে। এই দিনটোতে বিচনীৰ বা লৈ গোৱা হয়- “নতুন কাপোৰ-পুৰণি কাপোৰে দিন যাওক; ন-ভাতে পুৰণি-ভাতে জীণ যাওক।” এইদৰে বিচনীৰ বা ল’লে গোটেই বছৰটো গা শাঁত পৰি থাকে বুলি লোকবিশ্বাস আছে। চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা সমাপ্ত। এই শেষৰ বিহুৰ দিনা অর্থাৎ চেৰা বিহুৰ দিনা উজনি অসমত কোনো কোনোৱে হাঁচতি আগবঢ়াই বৰগছৰ গুৰিত বিহু উৰাই আহে। চেৰা বিহুৰ দিনা নাচনী সকলে নাচি নাচি ভাগৰি পৰে আৰু সেইদিনা বিহুৰ সমাপ্তি ঘটাই আৰু নতুন বিহুৱান বোৰ ধুই দিয়ে। চেৰা বিহুৰ দিনা উজনি-নামনি সকলোতে সাতশাকী খোৱাৰ নিয়ম আছে। সেই নিয়ম আজিও প্রচলিত হৈ আছে। এই বিহুৰ দিনা ১০১ বিধ শাক খালে বহুত বেমাৰৰ পৰা হাতসাৰি থাকিব পাৰি।

Wordpress Social Share Plugin powered by Ultimatelysocial