আজিৰে পৰা গুৱাহাটীৰ বিভিন্ন অঞ্চলত আগন্তুক ১২ দিন জল ব’ৰ্ডৰ পানী যোগান বন্ধ থাকিব। আগন্তুক ১২ দিন গুৱাহাটীৰ বিভিন্ন অঞ্চলত স্থানীয় লোকে নাপাব ছাপ্লাই পানী। ১২ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব। ১৯তাৰিখৰ পৰা ২২ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব পানী যোগান। ২৫তাৰিখৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈও জল ব’ৰ্ডে নিদিয়ে পানী।
পানীৰ পাইপ, কাৰিকৰী দিশৰ মেৰামতিৰ বাবে পানী যোগান নধৰাৰ সিদ্ধান্ত জল ব’ৰ্ডৰ। বিভিন্ন সময়ত পানীৰ পাইপ ফুটি যি জল বিস্ফোৰণৰ ঘটনা সংঘটিত হয়, তেনে ঘটনা ৰোধ কৰিবলৈ পানীৰ পাইপ আজি মেৰামতি কৰিবলৈ ১২ দিন পানী যোগান বন্ধ ৰাখিব গুৱাহাটী জল ব’ৰ্ডে পানী যোগান বন্ধ ৰাখিব। অৱশ্যে এই ১২ দিনত প্ৰত্যেক ৪ দিনৰ অন্তত পুনৰ ৪ দিন পানী যোগানা ধৰি আকৌ ৪ দিন পানী যোগান বন্ধ ৰাখিব জল ব’ৰ্ডে।