Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

১৯৭০ চনতে অঞ্চলটোৰ কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত জন্মলাভ কৰা বিশ্বনাথ চাৰিআলি নগৰ সমিতিখন ২০১১ চনত পৌৰসভালৈ উন্নীত হয়। বৰ্তমান ১২ টা ৱাৰ্ডৰে গঠিত হৈছে বিশ্বনাথ পৌৰসভা। ইতিমধ্যে ৫৫ বছৰ অতিক্ৰম কৰা পৌৰসভাখনৰ বহু আকাংক্ষিত সোণালী জয়ন্তী মহোৎসৱ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। আজি ৫৫ খন পতাকা উত্তোলনৰে আৰম্ভ হয় সোনালী জয়ন্তীৰ কাৰ্যসূচী।

বিশ্বনাথৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ আৰু বিশ্বনাথৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি প্ৰমোদ বৰঠাকুৰৰ লগতে আন ৫৩খন পতাকা উত্তোলন কৰে বিশ্বনাথৰ ৫৩গৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে সেইসময়ৰ নগৰ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা আধুনিক বিশ্বনাথৰ নিৰ্মাতা চেনীৰাম দাসৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই। সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব জুবিন গাৰ্গ সোঁৱৰণী সংস্কৃতিক সন্ধ্যা। আনহাতে কাইলৈ সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে।

Wordpress Social Share Plugin powered by Ultimatelysocial