Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

NEET আৰু JEEত সফলতা লাভ কৰা আজমল ছুপাৰ ৪০ৰ ৫৫০ ৰো অধিক কৃৰ্তি শিক্ষাৰ্থীক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা। হোজাইস্থিত মৰিয়ম আজমল ওৱমেনছ কলেজ অৱ চাইন্স এণ্ড টেকনলজিৰ চৌহদত এক গৌৰৱোজ্জ্বল আৰু বৃহৎ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। আজমল ছুপাৰ–৪০ আঁচনিৰ জৰিয়তে আজমল ফাউণ্ডেচনে সম্বৰ্ধনা জনায় ৫৫০ৰো অধিক মেধাৱী শিক্ষাৰ্থীক

NEET আৰু JEE–২০২৫ পৰীক্ষাত সফলতা অৰ্জন কৰি দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা ৫৫০ ৰো অধিক কৃতি শিক্ষাৰ্থীক এই সভাত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা সভাখনত আজমল গ্ৰুপ অৱ কোম্পানীৰ মুৰব্বী আমিৰউদ্দিন আজমল, গুৱাহাটীৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য্য ডঃ অশোক পানচাৰী, আজমল চি.এছ.আৰৰ ন্যাসৰক্ষী তথা আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

দৰিদ্ৰ অথচ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ অধীনত “আজমল ছুপাৰ–৪০” নামৰ এক অভিলাসী আঁচনিৰ সূচনা কৰিছিল ২০১৬ত । বৰ্তমান এই আঁচনিয়ে সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। NEET আৰু JEE পৰীক্ষাত আজমল ছুপাৰ–৪০ৰ শিক্ষাৰ্থীসকলৰ কৃতিত্বই সমগ্ৰ দেশজুৰি সুনাম কঢ়িয়াই আনিছে। NEET–২০২৫ত আজমল ছুপাৰ–৪০য়ে পুনৰ এক ঐতিহাসিক সফলতা লাভ কৰে। এই বৰ্ষত ৫৫০ ৰো অধিক শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।

Wordpress Social Share Plugin powered by Ultimatelysocial