অৱশেষত GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ ব্যৱস্থাগ্ৰহণ কৰিলে কৰ্তৃপক্ষই। ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ পিছতে কেইবাগৰাকীও চিকিৎসক, নাৰ্চক নিলম্বন। মূলত দুগৰাকী চিকিৎসকক দোষী সাব্যস্ত। চিকিৎসক হৃষিকেশ ঠাকুৰীয়া, চিকিৎসক পূজাক বহিষ্কাৰ। ইফালে ডাঃ অনুপমা ডেকা, ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বন কৰা হৈছে। নাৰ্চ ইনচাৰ্জ গোমতি দেৱী, ষ্টাফ নাৰ্চ চন্দনা নাথকো নিলম্বন। ১৮ আগষ্টত NICUৰ ৱাৰ্মাৰ মেচিনৰ পৰা পৰি মৃত্যু হৈছিল এটি নৱজাতকৰ, আহত হৈছিল ২ নৱজাতক। একেলগে তিনি নৱজাতকক ৱাৰ্মাৰ মেচিনত ৰখা হৈছিল। অন্য খালি মেচিন থকাৰ পিছতো এনে কৰিছিল কৰ্তব্যত থকা নাৰ্চে। ঘটনাৰ নিশা দায়িত্বত থকা ছিষ্টাৰ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল। ঘটনাৰ নিশা দায়িত্বত থকা ICUৰ টেকনিচিয়ান ইশানজ্যোতি তালুকদাৰকো নিলম্বন কৰা হৈছে