Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ধেমাজিৰ ইতিহাস কলংকিত কৰা নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আদালতৰ ৷ সুদীৰ্ঘ চাৰিটা বছৰৰ অন্তত ন্যায় পাবলৈ সক্ষম হ’ল ঢকুৱাখনাৰ নন্দিতা শইকীয়াৰ পৰিয়ালে। ধেমাজি জিলা সত্ৰ ন্যায়াধীশ মহামান্য কল্যানজিৎ শইকীয়াৰ আদালতে বুধবাৰে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় প্ৰদান আদালতৰ। ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৪/৩০৭/৩০২ ধাৰাত পঞ্জীভূত গোচৰৰ অধীনত মৃত্যুদণ্ডৰ ৰায় নন্দিতাৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক। ২০২১ বৰ্ষৰ ২১ আগষ্টত ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি উভতাৰ পথত সেই মহাবিদ্যালয়ৰে কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰ ঘপিয়াই নন্দিতাক। ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত মৃত্যু হৈছিল ঢকুৱাখনা নৱ কাঠৰবাৰী গাঁৱৰ নন্দিতা শইকীয়াৰ। ইতিমধ্যে চাৰিটা বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৰিণ্টু শৰ্মাক আদালতে দোষী সাব্যস্ত কৰি আজি গোচৰৰ চুড়ান্ত ৰায় প্ৰদান কৰে। আদালতৰ চুড়ান্ত ৰায়দানত সন্তুষ্টি প্ৰকাশ নন্দিতাৰ পৰিয়ালৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial