গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক। জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপক।
হিট এণ্ড ৰানৰ গোচৰত অভিনেত্ৰী নন্দিনী কাশ্যপৰ হব পাৰে ১০ বছৰ পৰ্যন্ত জেল। পানবজাৰ মহিলা আৰক্ষী থানাত গ্ৰেপ্তাৰ নন্দিনীক । দুৰ্ঘটনাৰ পিছতে নন্দিনীৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিল যদিও জামিন লাভ কৰিছিল নন্দিনীয়ে। মহানগৰ আৰক্ষীয়ে সংবাদমেল যোগে দিছে বহু তথ্য। দুৰ্ঘটনাগ্ৰস্থ বাহনখন ইতিমধ্য়ে জব্দ কৰিছে আৰক্ষীয়ে। আইন অনুসৰি নিশা মহিলাক আটক কৰিব নোৱাৰি বাবে দুৰ্ঘটনাৰ নিশা অভিনেত্ৰীগৰাকীক আটক কৰা হোৱা নাছিল বুলি সদৰি কৰে আৰক্ষীয়ে। নন্দিনী কাশ্যপৰ থিয়েতাৰৰ সৈতে হোৱা সকলো চুক্তি ইতিমধ্য বাতিল কৰিছে থিয়েতাৰৰ কৰ্তৃপক্ষই। আজি আদালতত হাজিৰ কৰা হব নন্দিনী কাশ্যপক।