ভাৰতৰ বিভিন্ন প্ৰান্তৰ পিছত অসমত ধৰা পৰিছে প্ৰথমজন HMPVত আক্ৰান্ত। ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰায় ৭জন লোকৰ দেহত ধৰা পৰিছিল
HMPVত আক্ৰান্ত ৰোগী। অসমত লখিমপুৰৰ এটি শিশু HMPVত আক্ৰান্ত । বৰ্তমান AMCHত চিকিৎসাধীন শিশুটি। HMPVত আক্ৰান্ত শিশুটি ১০ মহীয়া বুলি জানিব পৰা গৈছে। শ্বাস-প্ৰশ্বাস জনিত ৰোগত প্ৰথমে আক্ৰান্ত হৈছিল শিশুটি। জ্বৰ, চৰ্দি, কাঁহ আদিও লক্ষণ HMPV ভাইৰাছৰ। ভাৰতত বৰ্তমান ৮ জন লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। ২০০১ চনতে এই ভাইৰাছৰ চিনাক্ত কৰা হৈছিল। ২০০১ চনতে ধৰা পৰিছিল HMPVত আক্ৰান্ত ৰোগী। এই ভাইৰাছৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও পৰামৰ্শ চিকিৎসকৰ। ভাৰতৰ স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণ সাজু HMPVৰে যুঁজিবলৈ।